আলফা(স্বা) ত মোক্ষম আঘাত: জ্যেষ্ঠ মহিলা কেডাৰ মিতু অসম গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী আলফা(স্বা) শিবিৰত মোক্ষম আঘাত।মহিলা কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসম গ্ৰেপ্তাৰ।তিনিচুকীয়া আৰক্ষী আৰু আসাম ৰাইফলছে চলোৱা যৌথ অভিযানত অসম-অৰুনাচল সীমান্তৰ জয়ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আলফা সদস্য গৰাকীক।

উল্লেখ্য যে আলফা(স্বা)ত বিগত ১৯ বছৰ ধৰি জড়িত হৈ থকা মহিলা কেডাৰ গৰাকীৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ নাজিজুলিত।২੦੦২চনত যোগদান কৰিছিল আলফা(স্বা)ত।

তিনিচুকীয়া আৰক্ষীৰ জিম্মাত থকা মহিলা কেডাৰ গৰাকীৰ স্বাস্থ্যজনিত কাৰণত ম্যানমাৰ শিবিৰৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে।

Your Comments