কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ পদত্যাগ

A

নিউজ ডেস্ক:

কৃষক মুক্তি সংগ্রাম সমিতি ত্যাগ কৰে  ধৈর্য কোঁৱৰে।সংগঠনটোৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা।

উল্লেখ্য যে  থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰ।ইতিমধ্যে সমষ্টি টোত নিজৰ প্রচাৰ অভিযানতো নামিছে নেতা গৰাকী।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থ সকলক উদ্দেশ্য কৰি তেওঁ কয়- মই সংগ্রামৰ পৰা আঁতৰি যোৱা নাই।মাথোঁ সংগ্রামৰ পথটোহে সলনি কৰিব বিচাৰিছোঁ।

উল্লেখ্য যে  কৃষক মুক্তি সংগ্রাম সমিতিক বলিষ্ঠ ৰূপত নেতৃত্ব দিছিল কোঁৱৰে।কা' আন্দোলন কৰি মাওবাদী অভিযোগত নিয়াৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা হৈছিল।

Your Comments