কোকোৰাঝাৰত উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পৰিল আৱকাৰী অধীক্ষক

A

 

নিউজ ডেস্ক :
 
কোকৰাঝাৰত আৱকাৰী বিভাগৰ এগৰাকী অধীক্ষক গ্ৰেপ্তাৰ হোৱা ঘটনাই  সমগ্ৰ বিভাগটোতে  চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷জানিব পৰামতে হিমানজ্যোতি বৰা নামৰ আৱকাৰী অধীক্ষকগৰাকীক দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অহা এটা দলে নগদ ২৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে হাতেলোটে ধৰা পেলায় ৷গুৰুত্বপূৰ্ণ কথা এই যে বিষয়াগৰাকীৰ  অস্হায়ী ভাৰাঘৰত আৰক্ষীয়ে অভিযান চলাই বিভিন্ন নথি পত্ৰ,ফাইল আদি পৰীক্ষা কৰে৷ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৱকাৰী অধীক্ষক গৰাকীক নিশাই গুৱাহাটীলৈ নিয়া হয় ৷অতিৰিক্ত আৰক্ষী অধীক্ষক কৰুণা বৰদলৈৰ নেতৃত্বত গোটেই অভিযানটো সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷

Your Comments