অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা আৰম্ভ

A

 

নিউজ ডেস্ক:
ৰাজ্যৰ প্ৰায়  ৩১ খন জিলাৰ সদৰত আজি অনুষ্ঠিত হৈছে অসম লোকসেৱা আয়োগৰ  প্ৰাৰম্ভিক পৰীক্ষা ৷ বিগত বছৰত ক’ৰণা সংক্ৰমণৰ বাবে বাতিল কৰা হৈছিল এই পৰীক্ষা ৷গুৰুত্বপূৰ্ণ কথা এই যে সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি অনুষ্ঠিত কৰা হৈছে পৰীক্ষা। উল্লেখ্য যে  অসম লোকসেৱা আয়োগে প্ৰাৰ্থীসকলৰ বাবে এই সম্পৰ্কে কিছু নীতিনিয়ম  পূৰ্বতেই নিৰ্ধাৰণ কৰি দিছিল। প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ বাবে মাস্ক , হেণ্ড গ্লোভছ  , হেণ্ডচেনিটাইজাৰ বাধ্যতা মূলক কৰি দিয়া হৈছিছে ৷ যিসকল প্ৰাৰ্থীয়ে ক’ভিড ভেকচিন  গ্ৰহণ কৰা নাই তেওঁলোকে ৰেপিড ক’ভিদ পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট দেখুৱাই সোমোৱাৰ লগতে যিসকল প্ৰাৰ্থীয়ে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে তাৰ প্ৰমাণ পত্ৰ লগত নিয়াটো বাধ্যতামূলক কৰি দিয়া হৈছিল ৷ প্ৰাৰ্থীসকলক সহায় কৰিব যোৱা সহকাৰী সকলৰ ক্ষেত্ৰতো একেই নিয়ম নিৰ্ধাৰণ কৰিছে লোকসেৱা আয়োগে ৷

Your Comments