নিমাতীৰ নাওঁ দুৰ্ঘটনা সন্দৰ্ভত ৬ জনক আটক আৰক্ষীৰ: ৪ জন মাষ্টাৰৰোল কৰ্মচাৰী, ২জন স্থায়ী

A

নিউজ ডেস্ক:


 নিমাতীঘাটৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনা সন্দৰ্ভত ৬জনক আটক। যোৰহাট আৰক্ষীয়ে শনিবাৰে নিশা বিভিন্ন স্থানৰ পৰা আটক কৰিছে লোককেইজনক।আটক কৰা লোককেইজন হৈছে বিজু কুমাৰ দাস(ফিল্ড খালাচী), বাবুল চন্দ্ৰ নেওগ, জয়ন্ত দত্ত, বিনোদ বৰুৱা, ধনবৰ দাস, যোগেন দাস।উল্লেখ্য যে আটক কৰা কৰ্মচাৰী কেইজনৰ ভিতৰত ২জন স্থায়ী আৰু ৪জন মাষ্টাৰৰোলৰ কৰ্মচাৰী।

আনহাতে, আটক কৰা কৰ্মচাৰী কেইজনক আৰক্ষীয়ে কিয় উঠাই আনিছে কোনো কথা জনোৱা নাই।নাওঁ দুৰ্ঘটনাৰ সময়ত তেওঁলোকে ঘাটত ইনচাৰ্জৰ নিৰ্দেশ মৰ্মে কাম কৰি থকা বুলি সংবাদ মাধ্যমৰ সন্মুখত কয়।কৰ্মচাৰী কেইজনে প্ৰকাশ কৰা অনুসৰি ইনচাৰ্জৰ দায়িত্বত আছিল প্ৰদীপ বৰবৰা।

যোৰহাট আৰক্ষীয়ে আটক কৰি ৰাখিছে কৰ্মচাৰী কেইজনক।

গুৰুত্বপূৰ্ণ কথা এই যে সমগ্ৰ দুৰ্ঘটনাৰ সন্দৰ্ভত যোৰহাট আৰক্ষীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফৌজদাৰি গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।

Your Comments