ফুটবলৰ সম্ৰাট পেলে অসুস্থ

A

নিউজ ডেস্ক:

 ব্রাজিলৰ প্রাক্তন তাৰকা ফুটবলাৰ  পেলে আজি হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে পেলেৰ শৰীৰত টিউমাৰৰ অৱস্থিতি  ধৰা পেলায় চিকিৎসকে ৷দীৰ্ঘসময় জুৰি কৰা এক অস্ত্রোপচাৰৰ দ্বাৰা টিউমাৰটো আতঁৰাই পেলাবলৈ সক্ষম হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ 
বৰ্তমানেও  আইচিইউত ৰখা হৈছে  তাৰকা ফুটবলাৰ গৰাকীক ৷

চিকিৎসালয়ৰ  তৰফৰ পৰা জনোৱা মতে , “ বৰ্তমানে জ্ঞান ঘূৰি আহিছে পেলেৰ । শাৰীৰিক অৱস্হা এতিয়া স্থিতিশীল।” পেলে  সুস্থ থকা কথাটো,  তেওঁ নিজে সামাজিক মাধ্যমত  পোষ্ট  কৰিও জানিব দিয়ে  । তেওঁ ইনস্টাগ্রামটত ধেমালি কৰি  লিখে যে  ‘বন্ধুসকল মই প্রতিদিনে অলপ অলপ সুস্থ হৈ  উঠিছো ৷ মই আকৌ  খেলত নামিম।মাত্ৰ আৰু  কিছু দিন সময় অপেক্ষা কৰিব লাগিব পুৰাপুৰি সুস্থ হৈ উঠালৈ ।’

Your Comments