মাজুলীত আছুৱে প্ৰৱেশ নিষিদ্ধ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

A

নিউজ ডেস্ক:

জল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অকৰ্মণ্যতাৰ বাবে সংঘটিত  হ'ল নিমাতীৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনা।এই গুৰুতৰ অভিযোগ মাজুলী জিলা ছাত্ৰ সন্থাৰ।অদক্ষ মন্ত্ৰী গৰাকীক এটেম্প টু মাৰ্ডাৰ গোচৰত গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সৎ-সাহস দেখুওৱাৰ প্ৰত্যাহ্বান আছু নেতৃত্বৰ।

সংগঠনটোৰ দাবী মন্ত্ৰী গৰাকীয়ে নাজানে মাজুলীত চলাচল কৰি থকা নাওঁসমূহৰ বহন ক্ষমতা কিমান।২০১৮ চনৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পৰা পাটোৱাৰীয়ে শিক্ষা নললে বুলি আছুৱে কয়।

নিমাতী ঘটনাৰ বাবে মন্ত্ৰী গৰাকীক দায়ী কৰি আছুৰ ঘোষণা- মাজুলীত প্ৰৱেশ নিষিদ্ধ পাটোৱাৰীৰ।

Your Comments