যোৰহাট-মাজুলীৰ মাজত ৰ'-পেক্স ফেৰী সেৱা আৰম্ভ

A

নিউজ ডেস্ক:

নিমাতীৰ  ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ পাছত আজিৰে পৰা যোৰহাট- মাজুলীৰ মাজত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অত্যাধুনিক ৰ-পেক্স ফেৰী সেৱা  আৰম্ভ কৰা হৈছে।জল পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰে এই কথা।

উল্লেখ্য যে দীৰ্ঘদিনে বন্ধ হৈ আছিল ৰ-পেক্স সেৱা।যাৰ ফলত মাজুলী বাসীয়ে এটা ইঞ্জিনযুক্ত নাঁৱত বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছিল।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বন্ধ হৈ থকা ৰ-পেক্স সেৱা পুনৰ আৰম্ভ কৰিছে জল পৰিবহণ বিভাগে।

Your Comments