বিজেপিত খহনীয়া ! একে কোবতে কমিল ৩ কোটি সদস্য

বিজেপিত খহনীয়া! একে কোবতে কমিল ৩ কোটি সদস্য

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে দলটোৰ সদস্য সংখ্যা কমেও তিনি কোটি হ্ৰাস পালে ৷ এই তথ্য দলটোৰ সভাপতি খোদ অমিত শ্বাহেই সদৰী কৰে ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত বিজেপিয়ে সদস্য সংখ্যা বঢ়াবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছিল ৷ মবাইল ফোনৰ মিছ কলৰ জৰিয়তেও গেৰুৱা দলটোৰ সদস্য সংখ্যা বৃদ্ধি কৰা হৈছিল ৷

সেই সময়ত অমিত শ্বাহে ঘোষণা কৰিছিল যে বিজেপিৰ সদস্য সংখ্যা ১১ কোটি বৃদ্ধি হৈছে ৷ বিশ্বত চীনৰ কমিউনিষ্ট পাৰ্টিৰ পিছতেই দ্বিতীয় বৃহত্তম দল বুলি বিজেপিৰ নেতাসকলে কৈ ফুৰিছিল ৷ কেৱল সেয়াই নহয়, সেইসময়ত বিজেপিৰ কিছু নেতাই দাবী কৰিছিল দলৰ সদস্য সংখ্যা ১১ কোটি নহয়, প্ৰকৃততে ১৪ কোটিহে ৷ বিজেপিৰ এই দাবীক সেই সময়ত বিৰোধী দলবিলাকে নস্যাৎ কৰি কৈছিল যে অমিত শ্বাহে অতিৰঞ্জিত কৰি সদস্য সংখ্যা বৃদ্ধি দেখুৱাইছে ৷

বিজেপিত খহনীয়া! একে কোবতে কমিল ৩ কোটি সদস্য

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাত দলৰ সাংগঠনিক প্ৰতিবেদন দাখিল কৰি অমিত শ্বাহে জনায় যে দলটোৰ বৰ্তমান মুঠ সদস্য সংখ্যা ৮ কোটি ৷ তাৰ মানে তেওঁ পূৰ্বে দাবী কৰা ১১ কোটিৰ পৰা সদস্য সংখ্যা তিনি কোটি হ্ৰাস পাইছে ৷ অমিত শ্বাহৰ শেহতীয়া এই তথ্যই স্পষ্টভাৱে দেখুৱাই দিছে দেশব্যাপী বিজেপিৰ জনপ্ৰিয়তা কিমান হ্ৰাস পাইছে ৷ ইতিমধ্যে এই তথ্য প্ৰকাশৰ পিছতেই বিজেপিৰ ভিতৰ মহলত উদ্বেগ তীব্ৰ হৈ পৰিছে ৷

শেহতীয়াকৈ যোৱা কেইবামাহত দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত লোকসভা আৰু বিধানসভা উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকল শোচনীয়ভাৱে পৰাজিত হৈছিল ৷বিশেষকৈ বিজেপিশাসিত ৰাজ্য মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰত বিজেপিয়ে পূৰ্বে জিকি অহা আৰু দলটোৰ দুৰ্গ হিচাপে জনাজাত যথেষ্ট সংখ্যক আসনত দলটোৰ প্ৰাৰ্থীসকল শোচনীয়ভাৱে পৰাজিত হৈছে ৷

আনহাতে বিজেপিৰ তৰফৰ পৰা চলোৱা আভ্যন্তৰীণ সমীক্ষাতো স্পষ্ট হৈ পৰিছে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপি এইবাৰৰ বিধানসভা নিৰ্বাচনত ক্ষমতা হেৰুৱাব পাৰে ৷ উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত দেশৰ বৃহৎ সংখ্যক মানুহৰ ব্যাপকভাৱে মোহভংগ ঘটিছে ৷ দলৰ সদস্য সংখ্যা হ্ৰাস তাৰেই বহিঃ প্ৰকাশ মাথোন ৷

Your Comments