শিলপুখুৰীত ভয়ংকৰ দুৰ্ঘটনা: বালিভৰ্তি ট্ৰাকৰ চেপাত নিহত ৰঞ্জন বৈশ্য

A

নিউজ ডেস্ক:

নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী।শিলপুখুৰীত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

প্ৰাপ্ত খবৰ অনুসৰি নিশা প্ৰায় ১১ বজাত সংঘটিত দুৰ্ঘটনাত নিহত তামোলপুৰৰ ৰঞ্জন বৈশ্য।ফাৰ্মাচীৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো।গুৰুতৰভাৱে আহত ৰঞ্জনক জিএমচিএইচলৈ  নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰাকখনৰ চকাত সোমাই বহুদুৰ চুচৰি গৈছিল স্কুটি আৰোহী গৰাকী।দুৰ্ঘটনা সংঘটিত কৰা বালিভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-01DD-1252 আৰু স্কুটিখনৰ নম্বৰ AS-01DU-1295।

Your Comments