একাংশই দলঙক লৈ ৰাজনীতি কৰা বুলি কৈছে মই দুখ পাইছো - সৰ্বানন্দ সোণোৱাল

A

নিউজ ডেস্ক :

নিমাতীঘাটৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লবলৈ মাজুলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল।জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হয় সোণোৱাল।সমগ্ৰ ঘটনা জিলা প্ৰশাসন আৰু জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা বুজ লয় বিধায়ক গৰাকীয়ে।সংবাদমেল সম্বোধন কৰি কয়-নিমাতীৰ ঘটনা অত্যান্ত বেদনাদায়ক-দুৰ্ভাগ্যজনক। বিপদগ্ৰস্ত যাত্ৰীক উদ্ধাৰত ৰাজ্য চৰকাৰৰ তৎপৰতা।এনডিআৰএফ -এছডিআৰএফৰ যৌথ অভিযান।যোৰহাট-মাজুলী জিলা প্ৰশাসনৰ সহযোগৰ লগতে সমগ্ৰ বিষয়টো ঘটনাস্থলীত থাকি তদাৰক কৰাৰ বাবে তিনিগৰাকীকৈ মন্ত্ৰীক প্রেৰণ কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ বাবে মাজুলী বিধায়ক হিচাপে শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

নাওঁ দুৰ্ঘটনাত মৃত্যু হোৱা সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ অৱদান মাজুলীবাসীয়ে নাপাহৰে এই কথা উল্লেখ কৰি সোণোৱালে কয়-তেওঁ স্মৃতি চিৰযুগমীয়া কৰাৰ পদক্ষেপ  লোৱা হ'ব।

আনহাতে, বৰ্তমানো সন্ধানহীন হৈ থকা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা, ইন্দ্ৰেশ্বৰ বৰাক উদ্ধাৰৰ বাবে অভিযান অব্যাহত থকা কথা জানিব দিয়ে তেওঁ।

আনহাতে যোৰহাট-মাজুলী সংযোগী দলঙৰ সন্দৰ্ভত তেওঁ কয়- 'দলংখন বিচাৰিছো।সঠিক নিৰ্মানৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে।আগন্তক চাৰি বছৰৰ ভিতৰত দলং সম্পূৰ্ণ কৰা লক্ষ্য স্হিৰ কৰা হৈছে।

'দলঙক লৈ একাংশই ৰাজনীতিৰ কৰা বুলি কৈছে, মই দুখ পাইছো। মাজুলী বিধায়ক হিচাপে মাজুলী ৰাইজক লৈ কেতিয়াও ৰাজনীতি নকৰো।শ্ৰদ্ধা-ভক্তি কৰো মাজুলী ৰাইজক।সাংসদ-বিধায়ক এইখন সমাজে নির্বাচিত কৰিছে।মাজুলীৰ নিঃস্বাৰ্থ মৰম-চেনেহ, আন্তৰিকতা, বিশ্বাসক ৰাজনীতিৰে মূল্যাংকন নকৰো।মানৱীয় দৃষ্টিভংগীৰে গ্ৰহণ কৰিছো আৰু কৰি যাম।মাজুলীৰ ৰাইজৰ বাবে কৰণীয় নিষ্ঠা-দায়িত্ব আৰু দায়বদ্ধতাৰে পালন কৰিম- সোণোৱালে কয়।

মাজুলী উন্নয়নৰ বাবে টকা-পইচা মই আনি দিম।কিন্তু ৰাইজে চোকা দৃষ্টি ৰাখিব লাগিব।নিমাতী আৰু কমলাবাৰী ঘাটৰ আন্তগাঁথনি টনকিয়ালৰ প্ৰয়োজনীয়তা আছে।ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মিলি শীঘ্ৰে সেই কাম সম্পূৰ্ণ কৰিব- মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।আনহাতে ঘাটত ফেৰীসমূহ পাৰ্কিং কৰা যাতে অসুবিধা নহয় তাৰো ব্যৱস্থা লোৱা হ'ব।B

Your Comments