পত্নীক ৰক্ষা কৰি নিমাতীঘাটত সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা, বেগ উদ্ধাৰ

A

নিউজ ডেস্ক:


নিমাতীঘাটৰ  ভয়ংকৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো উদ্ধাৰ।বিশ্বনাথৰ লুইতৰ ঘাটত উদ্ধাৰ বেগটো।বেগটোত পত্নী ৰূপৰেখা সেনাপতিৰ আধাৰ কাৰ্ড আৰু পানকাৰ্ড পোৱা গৈছে।উল্লেখ্য যে  বুধবাৰৰ দুৰ্ঘটনাত লুইতৰ বুকুত সন্ধানহীন হৈছিল বৰা।

পত্নীৰ সৈতে আঠখেলীয়া নামঘৰ দৰ্শন কৰি অভিশপ্ত নাওঁখনেৰে ঘৰলৈ উভটিছিল বৰা। ঘৰলৈ উভতা পথতে এখন ফেৰীৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল নাওঁখন।দুখৰ বিষয় এই যে দুৰ্ঘটনাগ্ৰস্ত নাওঁখনৰ পৰা পত্নীক সুস্থ শৰীৰে উদ্ধাৰ কৰি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নিজেই হেৰাই গৈছিল ইন্দ্ৰেশ্বৰ বৰা।

ইফালে সন্ধানহীন হৈ থকা বৰাক উদ্ধাৰৰ বাবে লুইতৰ বুকুত আজিও অব্যাহত আছে অভিযান।

Your Comments