পঞ্চভূতত বিলীন পৰিমিতা: নৱগ্ৰহত শেষকৃত

A

নিউজ ডেস্ক:

নিমাতী ঘাটৰ নাওঁ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা পৰিমিতা দাসৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হয়।জ্যেষ্ঠ ভগ্নীয়ে নৱগ্ৰহ শ্মশানত মুখাগ্নি কৰে পৰিমিতাৰ নশ্বৰদেহত।

মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে চলিত বৰ্ষতে যোগদান কৰিছিল দুৰ্ভগীয়া পৰিমিতাই।

বৃহস্পতিবাৰে পৰিমিতাৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অনা হয় গুৱাহাটীৰ কাহিলীপাৰাস্থিত গৃহলৈ।তাৰ পূৰ্বেই পৰিমিতাই বাল্যকাল অতিবাহিত কৰা পুৰণিগুদামত থকা মোমায়েকৰ ঘৰলৈ নিয়া হয়।

কাহিলীপাৰাৰ মৰমৰ ঘৰখনলৈ নশ্বৰদেহ হৈ উভতি অহা কন্যাক দেখি আৱেগত ভাগি পৰে পিতৃ-মাতৃ, জ্যেষ্ঠ ভগ্নী।
ওচৰ চুবুৰীয়া, সহপাঠী, বন্ধু- বান্ধৱীৰ লগতে গুনমুগ্ধৰে ভৰি পৰে কাহিলীপাৰা ভাড়াঘৰৰ চৌহদ।

Your Comments