নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত শোক প্ৰকাশ অলিম্পিয়াড লাভলীনাৰ

A

 

নিউজ ডেস্ক:
চলিত সপ্তাহৰ বুধবাৰে নিমাতীঘাটত যি ভয়ংকৰ ফেৰী দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাক লৈ অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহায়ে  সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে ৷লাভলীনাই ফেচবুক পেজ যোগে কয় যে “ মাজুলীৰ ফেৰী দুৰ্ঘটনাত যিসকলে নিজৰ আপোনজনক হেৰুৱালে তেওঁলোকৰ পৰিয়ালৰ বাবে অন্তৰত বহুত আঘাত পাইছো ৷মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু যিসকল আঘাতপ্ৰাপ্ত  হৈছে তেওঁলোকৰ দ্ৰুত আৰোগ্য কামনা কৰিছো ”৷

Your Comments