নাওঁ দুৰ্ঘটনাৰ বুজ লবলৈ নিমাতিত উপস্থিত বিধায়ক অখিল গগৈ

A

নিউজ ডেস্ক:

নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাস্থলীত  উপস্থিত বিধায়ক অখিল গগৈ।ৰাইজৰ দলৰ বহুকেইজন শীর্ষ নেতৃত্বৰ সৈতে সভাপতি গগৈ উপস্থিত হয় দুৰ্ঘটনাস্থলীত।

'দুবাৰকৈ দলঙৰ আধাশিলা স্থাপন কৰাৰ পাছতো দলং নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক।দলঙৰ অভাৱৰ বাবে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল সেইয়া নিশ্চিত'- গগৈয়ে কয়।

ইফালে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুৰৱস্থাৰ কথা দুৰ্ঘটনাটোৱে প্ৰমাণ কৰিলে।যিকোনো সময়ত এইধৰণৰ ঘটনা সংঘটিত হ’ব পৰাকৈ ব্যৱস্থা কৰি ৰাখিছে চৰকাৰে।ব্ৰহ্মপুত্ৰৰ সকলো ঘাটৰ নাওঁসমূহ আওপুৰণি, লেচী দৌৰাতম্য আৰু নিৰাপত্তাৰ ব্যৱস্থা নাই’ -শিৱসাগৰৰ বিধায়ক গগৈয়ে কয়।

চৰকাৰক গৰিহণা প্ৰদান  কৰি ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়- 'ঘটনাই চৰকাৰৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিছে।ল’ৰা ধেমালি বন্ধ কৰি প্ৰত্যেকতো ঘাটত অত্যাধুনিক ব্যৱস্থাৰ গঢ়ি তুলিব লাগে'।

অত্যাধুনিক জাহাজ ক্ৰয় কৰিও নচলোৱা সন্দৰ্ভত কয়- ৰ-ৰ, ৰ-পেক্স জাহাজ চৰকাৰে পইচা খোৱা  আঁচনি।ক্ৰয় কৰি কমিচন খালে।লেচিৰ লগত বুজাবুজিৰে অত্যাধুনিক জাহাজ সমূহ চলাচল নকৰি ফুলদানীৰ দৰে সজাই থৈছে।

উন্নয়নৰ ঢাক-ঢোল কোবাই থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক তীক্ষ্ণ ভাষাৰে কটাক্ষ কৰে বিধায়ক গগৈয়ে।

পুৰনিকলীয়া নাওসমূহ সম্পূণকৈ চীল কৰাৰ লগতে চৰকাৰী জাহাজ চলোৱাৰ দাবী জনায় গগৈয়ে।B

Your Comments