নাও দুৰ্ঘটনা কিয় হ'বলৈ পালে তাৰ উচিত বিচাৰ হওক- জুবিন গাৰ্গ

A

নিউজ ডেস্ক:

যোৰহাট-মাজুলীৰ মাজত সংঘটিত ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী শিল্পী জুবিন গাৰ্গৰ।সামাজিক মাধ্যমত জুবিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় -'সকলো কুশলে থাকক।আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক।এনেকুৱা কিয় হ’বলৈ পালে তাৰ উচিত বিচাৰ হওক'।

নিজৰ ফেচবুকত তেওঁ কয় যে - 'মাজুলী মোৰ প্ৰিয় ঠাই, মই আছোঁ সদায় লগত'৷

উল্লেখ্য যে বুধবাৰে  যোৰহাট-মাজুলীৰ মাজত দুখন নাওঁ দুৰ্ঘটনাগ্ৰস্ত হয়।দুৰ্ঘটনাত প্ৰৱক্তা পৰিমিতা দাস মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমানেও সন্ধানহীন হৈ আছে দুজন যাত্ৰী।B

Your Comments