যোৰহাট-মাজুলীৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনাস্থলীত মুখ্যমন্ত্ৰী: কি কি ঘোষণা কৰিলে পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক:


যোৰহাট-মাজুলীৰ মাজত বুধবাৰে সংঘটিত ভয়ংকৰ নাওঁ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।দুৰ্ঘটনা সংঘটিত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে  শেহতীয়া তথ্য অনুসৰি ৯০ গৰাকী যাত্ৰী থকা বুলি জানিব দি শৰ্মাই কয়- প্ৰৱক্তা পৰিমিতা দাস মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে  ইন্দ্ৰেশ্বৰ বৰা আৰু ডাঃ বিক্ৰমজিৎ বৰুৱা।সন্ধানহীন দুয়োগৰাকীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।

গুৰুত্বপূৰ্ণ কথা এই যে যাত্ৰাৰ পূৰ্বে যাত্ৰীক  টিকট দিয়াৰ ব্যৱস্থা নাছিল।যাৰ বাবে যাত্ৰীৰ সংখ্যা সঠিককৈ লাভ কৰা নাই প্ৰশাসনে।

আনহাতে, বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত নাওখন ইতিমধ্যে কাটি পেলোৱা হৈছে।নাওখনত কোনো ব্যক্তি নাই।যাত্ৰীৰ কিছু সামগ্ৰী নাওখনত উদ্ধাৰ কৰা বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে ।যোৰহাট আৰক্ষীক দুৰ্ঘটনাক লৈ ফৌজাদাৰী গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দি কয় আজি সন্ধিয়ালৈ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰা হ’ব।দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তাৎক্ষণিক ভাৱে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনি গৰাকীকৈ বিষয়াক নিলম্বন কৰা হয়।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ অঞ্চলটোত ১০খনকৈ এটা ইঞ্জিনযুক্ত ব্যক্তিগত নাওঁ চলে।যিসমূহ মেৰাইন ইঞ্জিন নহয়।এটা মেৰাইন ইঞ্জিন সংস্থাপনৰ বাবে  প্ৰয়োজন ১০লাখ টকাৰ।মেৰাইন ইঞ্জিন সংস্থাপন কৰিব বিচাৰিলে ৭৫ শতাংশ সাহাৰ্য ,২৫ শতাংশ ঋণ হিচাপে চৰকাৰে ১০লাখ টকা আগবঢ়াব।কিন্তু এটা ইঞ্জিনৰ নাওঁ চলাচল আজি পৰা বন্ধ থাকিব।

ইফালে দুখনকৈ ৰ-পেক্স জাহাজ চলাচল কৰোৱাৰ নিৰ্দেশনা জল পৰিবহন মন্ত্ৰীক।খৰালি ৰ- পেক্স চলাচল কৰিব পৰাকৈ ব্ৰহ্মপুত্ৰত উক্ত স্থান ডেজিং কৰাৰ আহ্বান জল পৰিবহণ বিভাগক।

তাৎক্ষণিকভাৱে জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰী ৪খন ফেৰীৰ সৈতে আৰু ২খন ফেৰী শীঘ্ৰে মাজুলী-নিমাতীলৈ চলাচল কৰিব- শৰ্মাই কয়।

আনহাতে এতিয়াৰ পৰা চৰকাৰী জাহাজ প্ৰকৃত সময়ত চলিছে নে নাই তাৰ তদাৰক কৰিবলৈ দণ্ডাধীশ মাজুলী আৰু নিমাতীত নিযুক্তি দিয়া হ'ব।

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম অহা নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।নিৰ্মানকাৰী প্ৰতিষ্ঠানে দলংখনৰ আৰ্হি কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে।৪বছৰত দলঙৰ নিৰ্মান সম্পূণ হ'ব- মুখ্যমন্ত্ৰীয়ে কয়।

আনহাতে, দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গুৱাহাটী কাহিলীপাৰাৰ পৰিমিতা দাসৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি প্ৰয়োজন অনুসৰি সহায় কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

ৰহস্যজনক ভাৱে পানী থকা সময়তো ৰ-পেক্স দুখন কিয় চলোৱা হোৱা নাছিল তাৰ তদন্ত কৰি যাৱতীয় ব্যৱস্থা লোৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।B

Your Comments