যোৰহাট-মাজুলীৰ নাওঁ দুৰ্ঘটনাস্থলীত অসম আৰক্ষীৰ সঞ্চালক প্রধানে কি ক’লে পঢ়ক

A

নিউজ ডেস্ক:


যোৰহাট-মাজুলীৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনাস্থলীত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।উদ্ধাৰ অভিযান নিজে নিৰীক্ষণ কৰিছে মহন্তই।

ঘটনা সংঘটিতৰ পাছতে অগ্নি আৰু জৰুৰীকালীন বিভাগৰ সঞ্চালক ৱাই.কে.গৌতম উক্ত স্থানলৈ অহা বুলিও তেওঁ কয়।এছডিআৰএফৰ প্ৰায় ১০খন নাৱেৰে ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ অভিযান চলাই থকা হৈছে।এনডিআৰএফৰ সৈতে যোগাযোগ অব্যাহত আছে।অৰুণাচল পৰাও উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ আহিছে- মহন্তই কয়।

যোৰহাট আৰক্ষীয়ে বহুত কষ্ট কৰিছে।ভয়ংকৰ ঘটনাটোৰ বাবে বহু সংখ্যক মানুহৰ প্ৰাণহানি হ’ব পাৰে বুলি কাষৰীয়া জিলা সমূহৰ আৰক্ষীৰ অধীক্ষকক সতৰ্ক কৰা বুলিও তেওঁ কয়।

ইফালে বৰ্তমান সময়ত দুজন নিশ্চিতভাৱে সন্ধানহীন বুলি মহন্তই জানিবলৈ দিয়ে।ইয়াৰ উপৰিও আৰু সন্ধানহীন আছে নেকি সেইয়া নিৰীক্ষণ কৰি থকা বুলি লগতে তেওঁ কয়।

Your Comments