নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

A

 

নিউজ ডেস্ক:
বুধবাৰে হৈ যোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছতেই আজি পৰিস্থিতিৰ বুজ ল’বলৈ  নিমাতীঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিমাতীঘাটত উপস্থিত হৈয়ে তেওঁ ঘটনাটো কেনেকৈ ঘটিবলৈ পালে তাৰ পৰ্যবেক্ষণ কৰে ৷মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মত প্ৰকাশ কৰি কয় যে " ফেৰী দুৰ্ঘটনা চৰকাৰৰ বিফলতা নহয় ৷চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰাৰ বাবে চৰকাৰলৈ দোষ আহিছে ৷ চৰকাৰী কৰ্মচাৰীৰ গাফিলতিৰ ফলত এই শিহৰণকাৰী ঘটনা সংঘটিত হ’বলৈ পালে ৷মা কমলাত নাছিল অভিজ্ঞতাসম্পন্ন গুৰিয়াল ৷দৰমহা কমাবৰ বাবে অভিজ্ঞতাসম্পন্ন গুৰিয়ালক বাদ দিয়া হৈছিল ৷ কিন্তু এইবিলাক চোৱা চিতা কৰা নাছিল চৰকাৰী বিষয়াসকলে ৷"
তেওঁ লগতে কয় যে "ডাঙৰ কামৰ কথা চিন্তা কৰোতে সৰু কামখিনি আমি মিছ কৰিছো "৷

Your Comments