আভ্যন্তৰীণ জল পৰিবহণৰ তিনি বিষয়াক নিলম্বন

A

 

নিউজ ডেস্ক:
যোৱাকালি নিমাতীঘাটৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ পিছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনিজন বিষয়াক নিলম্বিত কৰা হয় ৷পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মতে নিলম্বন কৰা হয় বিষয়া তিনিজনক  ৷বিষয়া তিনিজন ক্ৰমে  ডিব্ৰুগড় মণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, যোৰহাট উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুত গগৈ , কনিষ্ঠ অভিযন্তা ৰাতুল তামুলী ৷জানিব পৰা মতে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ পৰিবহণ বিভাগৰ সচিব যাদৱ শইকীয়াক দ্বায়িত্ব প্ৰদান কৰা হৈছে ৷গুৰুত্বপূৰ্ণ কথা এই যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গাফিলতিৰ ফলতেই এনে শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি  সামাজিক মাধ্যমত একাংশই  প্ৰতিবাদ সাব্যস্ত কৰে ৷

Your Comments