ভয়াৱহ নাও দুৰ্ঘটনাত মৃত্যু গুৱাহাটীৰ প্ৰবক্তা পৰিমিতা দাসৰ

A

নিউজ ডেস্ক:

যোৰহাট-মাজুলীৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক সাবটি লয় প্ৰবক্তা পৰিমিতা দাসে।ৰঙাচাহী কলেজৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰবক্তা আছিল মৃত পৰিমিতা।গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ প্ৰবক্তা গৰাকীৰ।

উল্লেখ্য যে মহাবিদ্যালয় খোলা বাবে ঘৰৰ পৰা গৈছিল পৰিমিতা।২৫ বছৰীয়া পৰিমিতাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।

ইফালে ভয়াৱহ দুৰ্ঘটনা সংঘটিত নাওঁখনত কিমান যাত্ৰী আছিল তাৰো সঠিক তথ্য নাই।উদ্ধাৰ অভিযান অব্যাহত আছে দুৰ্ঘটনাস্থলীত।

Your Comments