যোৰহাটৰ নিমাতীঘাটত ভয়াৱহ ফেৰী দুৰ্ঘটনা

A

 

নিউজ ডেস্ক:
 ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল 'মা কমলা' নামৰ এখন ফেৰী ৷ জানিব পৰা মতে  নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে এখন ফেৰী গৈ আছিল  আৰু আনখন বিপৰীত দিশৰ পৰা আহি আছিল। মাজ বাটতে দুয়োখন  ফেৰীৰ মাজত এক  মুখামুখি সংঘৰ্ষৰ হয়।ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ফেৰী দুখনত শতাধিক যাত্ৰী থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে । ইয়াৰে বহু  যাত্ৰী ডুব যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷বৰ্তমানে অধিক তথ্য জানিব পৰা হোৱা নাই।

Your Comments