অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ দামে চুলেগৈ বিৰাট কোহলিক

A

নিউজ ডেস্ক:

৮৭.৫৮। নীৰজ চোপ্ৰাৰ জীবনটোক  সলাই পেলাইছে  এই সংখ্যাটোৱে । টকিঅ’ অলিম্পিকত  জেভলিনত স্বৰ্ণ জয় কৰিছিল নীৰজ চোপ্ৰাই। সেই সাফল্যৰ বাবেই বিজ্ঞাপন জগতত দাম বাঢ়িছে  ভাৰতৰ  খেলুৱৈজনৰ ৷ নীৰজৰ আয় বাঢ়ি বৰ্তমান হৈছেগৈ  ১০০০ শতাংশ।
গুৰুত্বপূৰ্ণ কথা এই যে নীৰজৰ  আয় ইমানেই বাঢ়ি গৈ আছে যে ভাৰতীয়  খেলুৱৈসকলৰ  বিজ্ঞাপনত আয়ৰ  হিচাবত একেবাৰে শীর্ষত থকা বিৰাট কোহলীৰ সমানেই  হৈছেগৈ । ভাৰতৰ  বিজ্ঞাপনত এতিয়া প্ৰায়ে দেখা গৈছে নীৰজ চোপ্ৰাৰ মুখ । 
টকিঅ’লৈ যোৱাৰ পূৰ্বে  বছৰি ১৫ৰ পৰা ২৫ লাখ  টকাৰ  বিজ্ঞাপন আছিল  নীৰজৰ । এতিয়া  সেই আয় ১০ গুণলৈ বৃদ্ধি পাইছে। ব্যক্তিগত বিভাগত খেলা নীৰজে এইক্ষেত্ৰত এক নতুন নজিৰ সৃষ্টি কৰা বুলিও গুণাগাথা কৰিছে  ৷

Your Comments