সুধাকন্ঠলৈ ৯৫সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি আছুৰ

A

নিউজ ডেস্ক:

বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিনত সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি।গুৱাহাটীৰ দীঘলীপুখুৰীত  সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মালা অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায় আছু নেতৃত্বই।

ভূপেনদা সদায় আমাৰ আত্মা হৈ থাকিব শ্রদ্ধাঞ্জলি জনাই কয় আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।তেওঁৰ সৃষ্টিৰাজি হৃদয়ত জীপাল হৈ আছে আৰু  থাকিব বুলিও লগতে তেওঁ কয়।ইফালে শিল্পী গৰাকীৰ সৃষ্টিৰাজীক সংৰক্ষণৰ বাবে মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৭দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে ভট্টাচাৰ্য্যই।

প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি আছু সভাপতি দীপাংক কুমাৰ নাথে কয়- শিল্পী গৰাকীৰ সৃষ্টিৰাজী জীয়াই ৰখাৰ বাবে অসম চৰকাৰে উদ্যোগ ল’ব লাগে।পাঠ্যক্ৰমত তেওঁৰ বিষয়ে অন্তৰ্ভুক্ত কৰিব লাগে।

'জাতি দুৰ্যোগৰ সময়ত তেওঁ যুঁজি গৈছিল।জাতিক যি শিকাইছে,যি সাহস দিছে সেই সাহস বুকুত বান্ধি  নৱপ্ৰজন্ম আগবাঢ়ি যাব লাগিব।নতুন প্ৰজন্মই গৱেষণা কৰিব শিল্পী গৰাকীৰ ওপৰত।গৱেষণাৰ পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব লাগে' - বন্তি প্ৰজ্বলন কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়।

উল্লেখ্য যে সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত জন্মদিনৰ উপলক্ষে ৯৫গছি বন্তি প্ৰজ্বলন কৰিব আছুৱে।

Your Comments