অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ বিয়োগ

A

 

নিউজ ডেস্ক :
অক্ষয় কুমাৰৰ মাতৃ অৰুণা  ভাটিয়াৰ আজি ৰাতিপুৱা  মৃত্যু হয় । জানিব পৰামতে   বহুদিন ধৰি বাৰ্ধক্যজনিত  অসুস্থতাত  ভুগি আছিল ভটিয়া। মুম্বাইৰ হীৰানন্দানি হস্পিতালত আইচিইউ কক্ষত চিকিৎসা চলছিল অৰুণা ভাটিয়াৰ । বুধবাৰে  ৰাতিপুৱাই  চছিয়েল মিডিয়াৰ যোগেদি অভিনেতাগৰাকীয়ে  মাতৃৰ  মৃত্যুৰ খবৰ প্ৰকাশ কৰি  কয় যে ‘মোৰ  মা শ্রীমতী অৰুণা  ভাটিয়া আজি ৰাতিপুৱাই  আমাৰ মাজৰ পৰা  বিদায় ল’লে ৷  এই বেদনা মই সহ্য কৰিব  পৰা নাই। আপোনালোকৰ প্ৰাৰ্থনাই আমাৰ বাবে সকলো।’’

সোমবাৰে মাতৃক চাবৰ বাবে   ব্রিটেইনৰ পৰা  শ্বুটিং এৰি মুম্বাইলৈ আহিছিল অক্ষয় কুমাৰ। চছিয়েল মিডিয়াত তেওঁ  লিখিছে যে , ‘‘খুব কঠিন এই  সময় । আপোনালোকৰ  প্রত্যেকৰে  প্রার্থনা মোৰ লগতে  মোৰ  পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ ।’’

Your Comments

Related Articles