অসম চুক্তি সন্দৰ্ভত আছু- মুখ্যমন্ত্ৰী বৈঠকৰ সবিশেষ পঢ়ক

A

নিউজ ডেস্ক:

কইনাধৰাৰ অসম চুক্তিৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সমাপ্ত।দুয়োপক্ষই বৈঠকক সৌহাদ্যপূৰ্ণ আখ্যা দিয়ে।আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যসহ মুঠ ৪১গৰাকীকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পিযুষ হাজৰিকা উপৰিও বহুকেইজন মন্ত্ৰী উপস্থিত থাকে।

অসম চুক্তি, বান-গৰাখহনীয়া, সীমা সমস্যা অন্যান্য দফাসমূহ ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে চৰকাৰ-আছু প্ৰতিনিধিৰে গঠন হ'ব ৮জনীয়া কমিটি।আছুৰ ৫গৰাকী আৰু চৰকাৰৰ তিনি গৰাকী কেবিনেট মন্ত্ৰী কমিটিত অন্তৰ্ভুক্ত হ'ব।কমিটিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।উক্ত প্ৰতিবেদনৰ ভিত্তিত অসম চুক্তিৰ লগতে অন্যান্য বিষয়সমূহ সমাধানৰ ব্যৱস্থা কৰা হ'ব।মন্ত্ৰী অতুল বৰাই বৈঠকৰ অন্তত এই কথা অৱগত কৰে।

উল্লেখ্য যে বৈঠকত আছু নেতৃত্বই চুক্তি ৰূপায়নৰ দিহা-পৰামৰ্শ আগবঢ়ায় ।চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

আছুৱে অসম চুক্তি ৬নং দফা ৰূপায়ন, কা' বাতিল সন্দৰ্ভত মন্তব্য বৈঠকত কৰিছিল নেকি বুলি মন্ত্ৰী বৰাক সাংবাদিকে কৰা প্ৰশ্নত কয়-আলোচনা সৌহাদ্যপূৰ্ণ, কোনো বিতৰ্কিত বিষয়ৰ ওপৰত আলোচনা হোৱা নাই।মূলত অসম চুক্তি ৬, ৭, ৯ আৰু ১০ নং দফাৰ কাৰ্যকৰী সন্দৰ্ভত হৈছে আলোচনা ।

আনহাতে, বৈঠকৰ অন্তত আছুৰ নেতৃত্বই কয়-স্পষ্ট স্থায়ী মীমাংসা লাগে।ফলাফলে আমাক আৰু ৰাইজক আশ্বস্ত কৰাৰ আহ্বান চৰকাৰক।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সোঁৱৰণত ৭টা প্ৰস্তাৱ চৰকাৰক আগবঢ়ায় আছু নেতৃত্বই।ৰাজ্যৰ ৩খন বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ নামত আসন সংৰক্ষণ কৰা, সমাধিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা, সুধাকণ্ঠৰ বিষয়ে পাঠ্যক্ৰমত  অন্তৰ্ভুক্ত, গুৱাহাটী ৰেল ষ্টেচন তেওঁৰ নামত নামাকৰণ অন্যতম।এই কথা অৱগত কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

উল্লেখ্য যে ২০০৫ চনত অসম চুক্তি সন্দৰ্ভত অন্তিমবাৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত  বৈঠক অনুষ্ঠিত হৈছিল।B

Your Comments