আলফাৰ সভাপতি অভিজিৎ অসম এটা কাল্পনিক চৰিত্ৰ- পৰেশ বৰুৱা

A

নিউজ ডেস্ক :

সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা(স্বা)ৰ নৱনির্বাচিত সভাপতি পৰেশ বৰুৱাৰ বিস্ফোৰণ।সোমবাৰে এটা ব্যক্তিগত চেটেলাইট চেনেলত আলফাৰ সভাপতি গৰাকীয়ে ফোন যুগে অৱগত কৰে-'অভিজিৎ অসম আলফা(স্বাৰ) এটা কাল্পনিক চৰিত্ৰ।আলফা(স্বা) ৰএক ৰণকৌশল'।

এন.ডি-24 নামৰ ব্যক্তিগত টিভি চেনেলতো এক অনুষ্ঠানত বৰুৱাই এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে ২০১১ চনৰ পৰা অভিজিৎ অসমক সশস্ত্ৰ সংগঠনটোৰ অধ্যক্ষ হিচাপে পৰিচয় দি আহিছিল।কিন্তু শেহতীয়া ভাৱে বৰুৱাৰ স্পষ্টীকৰনে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।

আনহাতে, 'ইমান দিনে অভিজিৎ অসম বুলি যিগৰাকী ব্যক্তিৰ ফটো ইন্টাৰনেটত উপলব্ধ হৈ আছিল সেই ব্যক্তিগৰাকী ডাঃ মুকুল হাজৰিকা।এগৰাকী চিকিৎসক আৰু মানৱাধিকাৰ কর্মী বুলি তেওঁ কয়'।

গুৰুত্বপূৰ্ণ কথা  এই যে শেহতীয়া ভাৱে আলফা(স্বা)ৰ উচ্চতম পৰিষদত নেতৃত্বৰ সাল-সলনি কৰা হৈছে।

Your Comments

Related Articles