আজিৰ পৰা কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ নামভৰ্তিৰ আৱেদন প্ৰক্ৰিয়া আৰম্ভ, পঢ়ক

A

নিউজ ডেস্ক:

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ২০২১ বৰ্ষৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে।আবেলি ৫বজাৰ পৰা বিশ্ববিদ্যালয় ৱেবচাইটত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ আৱেদন কৰিব পাৰিব।

উল্লেখ্য যে বিশ্ববিদ্যালয় স্নাতকোত্তৰ কলা শাখাত ৬৫৪খন, বিজ্ঞান শাখাত ,২৭৬খন, কম্পিউটাৰ শাখাত ৪০ খন আসন আছে।

অনলাইন আৱেদনৰ অন্তিম দিন ১১ছেপ্টেম্বৰ ৰাতি ১১বজা।

আনহাতে, স্নাতকোত্তৰ নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব বাছনি পৰীক্ষা।তাৰ বাবে আৱেদনকাৰীয়ে জমা দিব লাগিব ৬০০টকা।মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ১১ছেপ্টেম্বৰ সন্ধিয়া ৭বজা ।
জাননীত উল্লেখ থকা অনুসৰি ৫০শতাংশ আসন কটনৰ ছাত্ৰ- ছাত্ৰী বাবে সংৰক্ষিত থাকিব।

নামভৰ্তি বাছনি পৰীক্ষাৰ সবিশেষ ১৬ ছেপ্টেম্বৰত প্ৰকাশ পাব।তাৰ বাবে এডমিট কাৰ্ড ১৬ছেপ্টেম্বৰত লাভ কৰিব আৱেদনকাৰীয়ে।

বাছনি পৰীক্ষা ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।পৰীক্ষাৰ ফলাফলৰ ভিত্তিত ৪অক্টোবৰত প্ৰকাশ পাব চূড়ান্ত তালিকা।৬ অক্টোবৰত হ’ব নামভৰ্তি।

Your Comments