মৰি যাম কিন্তু বিজেপিক দেশ বিক্ৰী কৰিব দিয়া নহব, অসমত খেলা হবে-মমতাৰ হুংকাৰ

A

নিউজ ডেস্ক:


অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ হুংকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ।তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কলে- 'অসমত খেলা হবে'।অহা লোকসভা নির্বাচনত অসমত জয়লাভৰ হুংকাৰ দিদিৰ ৷

পশ্চিমবংগত খেলা হ’ল, অসম আৰু ত্ৰিপুৰাত খেলা হবে।খেলা হবে দিল্লীত।মৰিবলৈ সাজু কিন্তু দেশ বিজেপিক বিক্ৰী কৰিবলৈ দিয়া নহব- হুংকাৰ মমতাৰ।বংগৰ এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়- দেশ-মাটি, ভাৰতবৰ্ষ বছোৱাৰ লগতে আমি জয়ী হ’ম।

উল্লেখ্য যে লোকসভা নিৰ্বাচনত দিল্লীৰ পৰা বিজেপিক ক্ষমতাহীন কৰাৰ বাবে ইতিমধ্যে দেশৰ আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।মমতা বেনাৰ্জীৰ  এই ঐক্যবদ্ধ প্ৰক্ৰিয়াত অসমৰ বিধায়ক অখিল গগৈও অংশীদাৰ হৈছে।

Your Comments