খাৰঘুলি ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মূল অভিযুক্তক দিল্লীৰ পৰা গ্ৰেপ্তাৰ4

A

নিউজ ডেস্ক:


গুৱাহাটী খাৰঘূলিত ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা অভিযুক্ত বিশাল কুসুম চৌধুৰীক অৱশেষত গ্ৰেপ্তাৰ।লতাশিল থানাৰ ২৮২/২১ নম্বৰ গোচৰৰ ভিত্তিত লতাশিল আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সৰ অভিযানত গ্ৰেপ্তাৰ হয় ধৃত চৌধুৰী।

স্বাধীনতা দিৱসৰ আগদিনা নিশা  খাৰঘূলীৰ এটা এপাৰ্টমেণ্টৰ পৰা কোকেইনৰ সৈতে ১৮গৰাকী যুৱক যুৱতীক আটক কৰিছিল লতাশিল আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰেভ পাৰ্টীলৈ দিল্লীৰ পৰা বিশালে প্ৰেৰণ কৰিছিল সমগ্ৰ কোকেইনখিনি।ইয়াৰ উপৰিও
গুৱাহাটীলৈ হেৰ’ইনসহ অন্য নিচাযুক্ত সামগ্ৰী দিল্লীৰ পৰা যোগান ধৰাৰ অভিযোগ আছে ধৃত বিশালৰ বিৰুদ্ধে।

আনহাতে ধৃত বিশালৰ বিৰুদ্ধে ইউ/এছ ১৮৮ আইপিচি R/w ২০A/২১B/২৫/২৯ NDPS ACT ধাৰা সংলগ্ন কৰা হৈছে।

Your Comments

Related Articles