চিতু বৰুৱা অভিযোগৰ বিৰুদ্ধে শৃংখল চলিহাৰ সংবাদমেল

A

নিউজ ডেস্ক :

বীৰ লাচিত সেনাই চিতু বৰুৱাক বহিষ্কাৰ কৰা নাই অব্যাহতি দিছে-শনিবাৰে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয়  সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ঘোষণা।

শুকুৰবাৰে চিতু বৰুৱাই শৃংখল চলিহা, ৰণ্টু পানী ফুকন আৰু ব্যৱসায়ীক তৌফিক আলমৰ  বিৰুদ্ধে ডেৰ কোটি টকীয়া ডাম্পাৰ ক্ৰয় কেলেংকাৰীৰ গুৰুতৰ অভিযোগ  উত্থাপন কৰিছিল।

বৰুৱাৰ অভিযোগ সন্দৰ্ভত শৃংখলে কয়- অভিযোগ ভিত্তিহীন আৰু মনে সজা।

বিজেপি- আৰএছএছৰ এজেণ্ট বুলি কৰা অভিযোগ সন্দৰ্ভত কয়- 'কা' আন্দোলনৰ চিআইডি গোচৰ মোৰ বিৰুদ্ধে চলি আছে।বিজেপি আৰএছএছৰ ওচৰত কম্প্ৰমাইজ কৰা হলে গোচৰ চৰকাৰে উঠাই ললে হেঁতেন।গোচৰ কিন্তু বেলেগৰ উঠিছে মোৰ উঠা নাই'।

বিধায়ক অখিল গগৈক নির্বাচনত জিকিবলৈ নিদিয়া শপত খোৱা মানুহ আছিল চিতু বৰুৱা।গগৈৰ সভাত গলে বহিষ্কাৰ কৰা নিৰ্দেশ দিছিল।কিন্তু বীৰ লাচিত সেনাই গগৈৰ হৈ প্ৰচাৰ চলালে- শৃংখলে কয়।

বৰুৱাৰ হাতত নতুনকৈ সৃষ্টি হোৱা ৰাজনৈতিক দল আৰু দুটামান কৃষক সংগঠনৰ হাত থকা বুলিও চলিহাই কয়।

উল্লেখ্য  যে ডাম্পাৰ ক্ৰয় অভিযোগৰ সময়ত শৃংখল চলিহা বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ সদস্য নাছিল বুলিও শিৱসাগৰত সংবাদমেলত স্পষ্ট কৰি দিয়ে।

Your Comments

Related Articles