মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক চৰিয়াম কৈ গ্ৰেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰাণে

A

নিউজ ডেস্ক:


বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানেক গ্ৰেপ্তাৰ।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰিয়াম বুলি কৰিছিল বিতৰ্কিত মন্তৱ্য।

 

উল্লেখ্য যে সোমবাৰে জন আশীৰ্বাদ যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল।মন্ত্ৰী গৰাকীৰ মন্তব্যৰ পিছতে শিৱসেনাৰ কৰ্মীসকলে মহাৰাষ্ট্ৰত নাৰায়ণ ৰাণেক 'মূৰ্গী চোৰ’ আখ্যাৰে বেনাৰ, পোষ্টাৰ লগোৱা পৰিলক্ষিত হয়।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰা প্ৰসংগৰে শিৱসেনা কর্মী সকলে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।সেই এজাহাৰৰ ভিত্তিতে নাছিক আৰক্ষী আয়ুক্ত দীপক পাণ্ডেয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰানেক আটক কৰাৰ নিৰ্দেশ দিছিল।

আনহাতে, মন্ত্ৰীগৰাকীয়ে ৰত্নগিৰী আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল যদিও ব্যৰ্থ হৈছিল।কাৰণ আদালতে জামিন আবেদন খাৰিজ কৰিছিল।


ইফালে বোম্বে হাই কোৰ্টেও ৰাণেৰ জামিনৰ তৎকালীন শুনানি গ্ৰহণৰ পৰা বিৰত থাকে।

Your Comments