বিজেপিৰ জন আশীৰ্বাদত কিয় গৈছিল বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, পঢ়ক

A

নিউজ ডেস্ক:

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ উপস্থিত থকাক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা।খবৰ প্ৰকাশ পাইছে বিজেপি দলত যোগদান কৰিব তিতাবৰৰ কংগ্ৰেছ বিধায়ক গৰাকীয়ে।তেনে সময়ত মুখ খুলিছে ভাস্কৰজ্যোতি বৰুৱাই।

'উপায়ুক্তৰ নিমন্ত্ৰণ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ প্ৰথমবাৰ অসমলৈ অহা বাবে ৰাইজৰ প্ৰতিনিধি হিচাপে গৈছিলো'- বৰুৱাই কয়।

ইফালে বিজেপি দলত যোগদান কৰিব বুলি প্ৰকাশ পোৱা খবৰৰ সন্দৰ্ভত তেওঁ কয়- পৰিকল্পনা নাই বিজেপি দললৈ যোৱা।কংগ্ৰেছৰ বিধায়ক হিচাপে আছো আৰু থাকিম।

উল্লেখ্য যে যোৰহাটৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত উপস্থিত আছিল বিধায়ক গৰাকী।বিজেপিৰ ফালৰ পৰা গামোচা পিন্ধোৱা হয় বৰুৱাক।

Your Comments