বিজেপিৰ আশীৰ্বাদ যাত্ৰাত তিতাবৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা

A

Bনিউজ ডেস্ক:

কংগ্ৰেছৰ দূর্গৰূপে খ্যাত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা যাব বিজপিলৈ!বিজেপিৰ দলীয় মঞ্চত থিয় হৈ তাৰে ইংগিত দিলে কংগ্ৰেছ বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে বিজেপি দলীয় মঞ্চত থিয় হৈ জন আশীৰ্বাদ যাত্ৰা'ত বৰুৱাই আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

যোৰহাটৰ আশীৰ্বাদ যাত্ৰাৰ এখন সভাত কংগ্ৰেছ বিধায়ক বৰুৱা ৰামেশ্বৰ তেলী, তপন গগৈ, মন্ত্ৰী যোগেন মহনৰ সৈতে একেখন মঞ্চত উপস্থিত থাকে।

কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰা তিতাবৰৰ পৰা প্ৰথমবাৰ বিধায়ক হৈছিল বৰুৱাই।

ইফালে বিজেপি মঞ্চত বৰুৱাৰ উপস্থিত থকা প্ৰসংগই ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে।বিশেষ সূত্ৰৰ খবৰ অনুসৰি শীঘ্ৰে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি বৰুৱাই বিজেপিত যোগদান কৰিব।

Your Comments