বিজেপি জন আশীৰ্বাদ যাত্ৰাত ক’ভিড বিধি ভংগকাৰী মুখ্যমন্ত্ৰী সহ শীৰ্ষনেতাৰ বিৰুদ্ধে এজেপিৰ এজাহাৰ দাখিল

A

নিউজ ডেস্ক:

তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা বিজেপি জন-আশীৰ্বাদ যাত্ৰাত ক'ৰনা বিধি ভংগকাৰীৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ গোচৰ দাখিল।

দেওবাৰে এজেপিৰ কেন্দ্ৰীয় সমিতিয়ে দিছপুৰ থানা আৰু লতাশিল থানাত পৃথকে পৃথকে দাখিল কৰি এজাহাৰ।

উল্লেখ্য যে ক’ভিড বিধি ভংগৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰামেশ্বৰ তেলী, বিমল বৰা, কুইন ওজা, দিলীপ শইকীয়া, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, দিলীপ শইকীয়া, বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

ইয়াৰ উপৰিও আশীৰ্বাদ যাত্ৰাত অনুমতি দিয়া কামৰূপ(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

উল্লেখযোগ্য যে  শনিবাৰৰ পৰা ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা।

Your Comments