তালিবানৰ প্ৰথম নিৰ্দেশনা: ছাত্ৰ-ছাত্ৰী একেলগে শিক্ষাগ্ৰহণত বাধা

A

নিউজ ডেস্ক:

আফগানিস্তানত তালিবানৰ প্ৰথম নিৰ্দেশনা।ছাত্ৰ-ছাত্ৰীয়ে একেলগে গ্ৰহণ কৰিব নোৱাৰিব শিক্ষা।সহঃ শিক্ষা বিলুপ্তি ঘটোৱাৰ উদ্দেশ্যৰে এই নিৰ্দেশনা তালিবানৰ।

উল্লেখ্য যে সহঃশিক্ষা সমাজৰ অশুভ শক্তিৰ মূল কাৰণ।হেৰাটৰ বিশ্ব বিদ্যালয়ত জাৰি এই নিৰ্দেশনা।পৃথক- পৃথকে ছাত্ৰ-ছাত্ৰীয়ে লব লাগিব শিক্ষা।ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সুকীয়া শ্রেণীকোঠা নিৰ্মাণৰ নিৰ্দেশ তালিবানৰ।

বিশ্ববিদ্যালয়ত সুকীয়া শ্ৰেণীকোঠা নাথাকিলে ছাত্ৰীক বিশ্ববিদ্যালয়লৈ অহাত বাধা আৰোপ তালিবানৰ।
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ।

উল্লেখযোগ্য  যে কেইদিনমান পূৰ্বে তালিবানে দখল কৰিছিল আফগানিস্তান।

Your Comments

Related Articles