ভাল খবৰ: কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ নামভৰ্তিৰ নতুন জাননী পঢ়ি লওঁক

A

নিউজ ডেস্ক:

ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ বাবে ডাঙৰ ঘোষণা।পূৰ্বে ঘোষণা কৰা প্ৰৱেশ পৰীক্ষা বাতিল কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।উল্লেখ্য যে  কটন আণ্ডাৰ গ্ৰেজুৱেট এণ্ট্ৰেন্স পৰীক্ষা (চি ইউ জি ই ই-২০২১) বাতিল কৰাৰ কথা শনিবাৰে এক জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।


উল্লেখযোগ্য যে  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিত বিশ্ববিদ্যালয়খনত স্নাতক শাখাত নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীসকলে। 

আনহাতে, নামভৰ্তি সন্দৰ্ভত শীঘ্ৰে সবিশেষ জাননীৰ জৰিয়তে উল্লেখ কৰিব কৰ্তৃপক্ষই।বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব সবিশেষ।

কেইদিনমানৰ পূৰ্বে বিশ্ববিদ্যালয় খনে স্নাতকৰ নামভৰ্তিৰ ক্ষেত্রত প্ৰৱেশ পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৪০শতাংশ নম্বৰ যোগ কৰি মেধাৰ ভিত্তিত কৰিব বুলি ঘোষণা কৰিছিল।

Your Comments