দেওবাৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে ক'ভিচিল্ডৰ দ্বিতীয় পালি প্ৰতিষেধক শিবিৰ

A

নিউজ ডেস্ক :

দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ব ক'ভিড ভেকচিন শিবিৰ।সংবাদ সেৱাত জড়িত সকলৰ বাবে প্ৰেছ ক্লাৱ কৰ্তৃপক্ষই দুদিনীয়াকৈ এই শিবিৰৰ আয়োজন কৰিছে।উল্লেখ্য যে সোমবাৰলৈ চলিব লগা শিবিৰত ক'ভিশ্বিল্ডৰ দ্বিতীয় ড'জ প্ৰদান কৰা হ'ব।পূৰ্বতে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা যিসকলৰ ৮৪ দিন সম্পূৰ্ন হ'ল তেওঁলোকে লব পাৰিব দ্বিতীয় এই ড'জ। এই কথা জনায় গুৱাহাটী প্ৰেছ ক্লাব কৰ্তৃপক্ষই।


দুদিনীয়া প্ৰতিষেধক শিবিৰত পুৱা ৯.১৫ বজা পৰা ১০.৩০ বজালৈ পঞ্জীয়ন হ'ব।ভেকচিন পুৱা ৯.৩০ বজা পৰা ১২.৩০ বজালৈ চলিব। প্ৰেছ ক্লাৱ সমিতিয়ে উল্লেখ কৰা অনুসৰি ভেকচিন লবলৈ সংবাদ কর্মী সকলে নিজ প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ লগত আনিব লাগিব।

Your Comments