গুৱাহাটীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব লাগিব- স্বাস্থ্যমন্ত্ৰী

A

নিউজ ডেস্ক :


গুৱাহাটীৰ শেহতীয়া ক'ভিড  পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।গুৱাহাটীৰ ক'ভিড নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ স্বাস্থ্য বিভাগৰ।শনিবাৰে সংবাদ মেল সম্বোধন কৰি কয়-গুৱাহাটীত ভেকচিন নোলোৱা সকলৰ প্ৰস্তুত কৰা হ'ব তালিকা।আজিৰে পৰা ৩দিন ধৰি চলিব প্ৰক্ৰিয়া।গুৱাহাটী ১২০৪টা ভোট কেন্দ্ৰৰ পৰা ভোটাৰ তালিকা সংগ্ৰহ কৰিব বিভাগে।

উল্লেখ্য যে ২৫ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত মহানগৰীত ভেকচিনৰ কাম সম্পন্ন কৰাৰ লক্ষ্য।

আনহাতে, ৮৯২৯১০৩৭৭৬নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত 
লাভ কৰিব ভেকচিন।এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত।

ইফালে মহানগৰীৰ শ্বপিং ম'লকে ধৰি ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীয়ে ক'ভিড ভেকচিন গ্ৰহণ কৰাতো বাধ্যতামূলক।ব্যৱসায়ীয়ে ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব লাগিব।অন্যথা কঠোৰ হ'ব চৰকাৰ তথা প্ৰশাসন।

গুৰুত্বপূৰ্ণ কথা যে স্বাস্থ্যমন্ত্ৰীৰ উদ্বিগ্নতাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰথমবাৰ অসম ভ্ৰমণৰ পাছতে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা।

Your Comments