ভাৰতীয় দূতাবাসত তালিবানৰ আক্ৰমণ , পঢ়ি চাওক

A

নিউজ ডেস্ক :
আফগানিস্তানত তালিবানৰ শেহতীয়া কাৰ্যকলাপকলৈ উদ্বেগ বাঢ়িছে ভাৰতৰ। এদিন আগতে বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰি কাবুলস্থিত ভাৰতীয় দূতাবাস খালী কৰাৰ প্ৰয়োজন নাই বুলি তালিবানী সকলে কৈছিল যদিও  ৰাতিৰ ভিতৰতে ভাৰতক লৈ স্থিতি সলনি কৰা পৰিলক্ষিত হৈছে তালিবানৰ৷ কাৰণ শুক্ৰবাৰে আফগানিস্তানৰ হেৰাট ,মাজাৰ ই শ্বৰীফ আৰু কান্দাহাৰস্থিত ভাৰতীয় কনস্যুলেটত তালিবানী সন্ত্ৰসবাদীয়ে আক্ৰমণ কৰাৰ খবৰ আহিছে ৷ ভাৰতীয় দূতাবাসৰ কৰ্মীয়ে যদিওবা এই ঘটনাক অস্বীকাৰ কৰিছে কিন্তু দিল্লীৰ এক ভিতৰুৱা সূত্ৰৰ খবৰ মতে অতি কমেও দুটি ভাৰতীয় কনস্যুলেটত আক্ৰমণ সংঘটিত হৈছে।  সংবাদমাধ্যমৰ এটা সূত্ৰই উল্লেখ কৰা মতে কান্দাহাৰ আৰু হেৰাটৰ ভাৰতীয় কনস্যুলেট ইতিমধ্যেই লণ্ডভণ্ড কৰিছে তালিবানে ৷ সূত্ৰটোৰ খবৰ মতে কেৱল লণ্ড- ভণ্ড কৰাই নহয় কান্দাহাৰস্থিত কনস্যুলেটৰ তলা ভাঙি সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ লুট কৰি লৈ গৈছে তালিবানে। 
নাম প্ৰকাশত অনিচ্ছুক কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে “ এয়া যে ঘটিব তাৰ উমান আগতেই পাইছিলো৷"
 
উল্লেখ্য যে আফগানিস্তানত ভাৰতৰ মুঠ চাৰিটা দূতাবাস আছে ৷ সেই কেইখন ক্ৰমান্বয়ে কাবুল , হেৰাট , কান্দাহাৰ আৰু মাজাৰ ই শ্বৰীফ ৷ উল্লেখযোগ্য যে এদিন আগতে কাটাৰত থকা তালিবানৰ ৰাজনৈতিক শাখাৰ প্ৰধান আব্বাছ স্তানিকজাই  ভাৰতীয় দূতাবাস খালী কৰিবলৈও আদেশ দিছিল ৷ জানিব পৰা মতে চলিত সপ্তাহৰ প্ৰথমতেই দুখন বিমান পঠিয়াই কাবুলৰ দূতাবাসৰ কৰ্মীসকলক দিল্লীলৈ অনা হৈছে ৷

Your Comments

Related Articles