চৰকাৰৰ ১০০দিন:মুখ্যমন্ত্ৰীয়ে কৰিলে কি কি ঘোষণা পঢ়ক

A

নিউজ ডেস্ক :

ৰাজ্যৰ নৱগঠিত হিমন্ত চৰকাৰৰ এশদিন সম্পূৰ্ন।১০০দিন সম্পূৰ্ন কৰাৰ বিশেষ মুহূৰ্তত মিত্ৰজোঁট চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ধন্যবাদ জনায়।চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপে ৰাজ্যবাসীক বিশ্বাসী কৰি তুলিছে।

১ কোটি ২১ লাখ ৫৯ হাজাৰ ১৬২ জনক ক'ৰনা ভেকচিন প্ৰদান কৰা হৈছে।ক'ৰনাৰ দ্বিতীয় ঢৌক নিয়ন্ত্ৰণ কৰাত সফল হৈছে চৰকাৰ- শৰ্মাই কয়।

নির্বাচনী প্ৰতিশ্ৰুতি ১লাখ নিযুক্তিৰ লক্ষ্য পথত ধাৱমান হৈছে।

মাইক্ৰ'ফাইনেন্স লোণ ৰেহাই বিষয়ত শনিবাৰে কোম্পানীসমূহৰ সৈতে এম.অ.ইউ হস্তাক্ষৰ কৰিব ৰাজ্য চৰকাৰে।ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই  চৰকাৰৰ এম.অ.ইউত অনুমতি প্ৰদান কৰিছে।

কোনো দল-সংগঠনে বন্ধ আহ্বান নকৰাকৈ বহু বছৰৰ মূৰত অসমে স্বাধীনতা দিৱস এইবাৰ উদযাপন কৰিছে।

এনএলএফবি আৰু কুকি উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ আহিছে।

মাৰ্চৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৭ লাখ গৃহনিৰ্মান সম্পূৰ্ন কৰা হ'ব।

বিদ্যুৎখণ্ডত তিনিমাহত অভূতপূৰ্ব সফলতা লাভ কৰিছোঁ।৩৮০কোটি টকা প্ৰতিমাহত ৰাজহৰ পৰিৱৰ্তে প্ৰায় ৬৫০কোটি টকা ৰাজহ সমগ্ৰ হৈছে।

বান নিয়ন্ত্ৰণত জলসম্পদ বিভাগে নিষ্ঠাৰে হাতত লোৱা কামত ইতিবাচক দিশলাভ কৰিছো।

আনহাতে, প্ৰতিমাহত এখনকৈ কেবিনেট বেলেগ বেলেগ জিলা সদৰত অনুষ্ঠিত হ'ব।মন্ত্ৰীসকল হেলিকপ্তাৰ বা বিমানেৰে যাব নোৱাৰিব- মুখ্যমন্ত্ৰীয়ে কয়।প্রথম খন কেবিনেট ধেমাজিত অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত।

অৰুণোদয় আঁচনি ৮৩০টকাৰ পৰা ১০০০ টকালৈ আজিৰ পৰা বৃদ্ধি কৰা হৈছে।

শৈক্ষিক অনুসূচীত ভূগোল আৰু বুৰঞ্জীক প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।বাধ্যতামূলক ভাৱে কলা-বিজ্ঞান দুয়োটা বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব।

ছয়ৰ পৰা এবছৰৰ ভিতৰত গুৱাহাটী মহানগৰীত বাছসমূহ বৈদ্যুতিকলৈ ৰূপান্ত কৰা হ'ব।২০০খন বৈদ্যুতিক বাছ ১০০খন চিএনজি পৰিচালিত বাছ ক্ৰয় কৰা সিদ্ধান্ত লোৱা হৈছে ।পৰিবহন বিভাগে পে'ট্ৰল-ডিজেল বাছ গুৱাহাটীত নচলাব।

ক'ৰনাত ক্ষতিগ্ৰস্ত নামঘৰীয়া আৰু  পূজাৰীলৈ ১৫ হাজাৰ টকা আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে।

কলা-কুশলী, পদপথ ব্যৱসায়ীলৈ   কিছুদিনৰ ভিতৰত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।

সংবাদমেলৰ পূৰ্বে এশ দিনৰ অনিৰুদ্ধ যাত্ৰা শীৰ্ষক পুস্তিকাও উন্মোচন কৰে ৰাজ্য চৰকাৰে।পুস্তিকাখনত তিনিমহীয়া চৰকাৰৰ কৰ্ম বিৱৰণ উল্লেখ আছে।

Your Comments