ৰেনলটে আগবঢ়োৱা বিলাসী কাইগাৰ বাহন পিতৃ-মাতৃলৈ উপহাৰ দিলে লাভলীনাই

A

নিউজ ডেস্ক :


ট'কিঅ অলিম্পিকৰ পদক জয়ী অসম কন্যা লাভলীনা বৰগোঁহাই লৈ বিলাসী গাড়ী উপহাৰ গুৱাহাটীৰ এক প্ৰতিষ্ঠানৰ।

আগশাৰীৰ গাড়ী কোম্পানী ৰেনল্টে অলিম্পিক বিজয়ী অসম কন্যা লাভলীনাক আগবঢ়াইছে এখন বিলাসী বাহন।ৰেনল্টে ‘কাইগাৰ’ নামৰ বিলাসী বাহনখন উপহাৰ হিচাপে প্ৰদান কৰিছে লাভলীনাক।

উল্লেখ্য যে গুৱাহাটী ছয়মাইলস্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই উপহাৰ লাভলীনালৈ আগবঢ়ায়।

 উত্তৰ-প্ৰদেশৰ পৰা আহি শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা লাভলীনাক ৰেনল্টৰ বিক্ৰী আৰু বিপনন বিভাগৰ উপ- সভাপতি সুধীৰ মালহোত্ৰাই অপৰ্ণ কৰে বাহনখন। 

আনহাতে কোম্পানীৰ পৰা বিলাসী বাহনখন গ্ৰহণ কৰি লাভলীনাই মাক-দেউতাকলৈ উপহাৰৰূপে আগবঢ়ায় ।

Your Comments

Related Articles