গো-সুৰক্ষা আইনৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ঘোষণা বিধায়ক অখিল গগৈৰ

A

নিউজ ডেস্ক:

ৰাজ্য চৰকাৰৰ অসম গো-সুৰক্ষা আইন- ২০২১ বাতিল কৰাৰ দাবীত বিধায়ক অখিল গগৈৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা।১ ছেপ্টেম্বৰৰ পৰা ক'ৰনা বাধা-নিষেধ শেষ হ’ব ৷তাৰ সমান্তৰালকৈ পহিলা সপ্তাহৰ পৰা অসমৰ গো-পালকক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব।৩ছেপ্টেম্বৰত কাৰ্যসূচীৰ আৰম্ভণি জোনাইৰ পৰা হ’ব।গৰুক লগত লৈ গঢ়ি তোলা হ’ব ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।

মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ গো-পালক সকলক ধ্বংস কৰিছে।গাখীৰ বিক্ৰী কৰি গৰু ৰক্ষা কৰাটো সম্ভৱ ।

গো-সুৰক্ষা আইন বাতিলৰ বাবে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ আৰু পুনৰ বিবেচনা কৰিব লাগে।বিজেপি- আৰএছএছৰ থলুৱাক ধ্বংস কৰা আইন শীঘ্ৰে বাতিল কৰিব লাগে- গগৈয়ে কয়।অসমত গৰু ব্যৱসায়ৰ সৈতে প্ৰায় ১লাখ লোক জড়িত হৈ আছে।তাৰ এক তৃতীয়াংশহে মুছলমান।

উল্লেখ্য যে ধেমাজি জিলাৰ একাংশ গো-পালকে শিৱসাগৰত বিধায়ক গগৈক সাক্ষাৎ কৰিছিল।বিধায়ক গৰাকীক আইনখন বাতিলৰ বাবে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছিল।

Your Comments