মুখ্যমন্ত্ৰী ছাৰ, অসমত চালক নামৰ এটা জাতি আছে চকু মেলি চাওক- দিবা-নৈশ বাছ চালক সন্থা

A

নিউজ ডেস্ক:


আন্তঃজিলা যাতায়তৰ অনুমতিৰ পাছতো যাত্ৰীবাহীৰ দিবা-নৈশ আন্তঃজিলা বাছসেৱা বন্ধ ৰখা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী আই.এছ.বিটিত সদৌ অসম বে- চৰকাৰী দিবা-নৈশ বাছ-চালক সন্থাৰ সংবাদ মেল।শেহতীয়া ভাৱে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ক'ৰনাৰ নতুন নিৰ্দেশনাক লৈ অসন্তুষ্টি বাছ চালক সন্থাৰ।

ক্ষোভ প্ৰকাশ কৰি বাছ-চালক সকলে কয়- আমি মাক্স এতিয়াৰ পৰা নিপিন্ধো,মৰিলেও মৰিম।খাবলৈ নাপাই মৰাতকৈ এইদৰে মৰাই ভাল"।

চৰকাৰক উদেশ্য কৰি বাছ-চালক সন্থাই কয়-  হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক কিয় পাহৰি গল!

মুখ্যমন্ত্ৰীক হাতযোৰ কৰি কয়- "আপোনাৰ অসমৰ চালক নামৰ জাতিটোৱে আপোনাৰ বাবে বাট চাই আছে।অসমত চালক নামৰ এটা জাতি আছে, এবাৰ চকু মেলি চাওক"

উল্লেখ্য যে মঙলবাৰে প্ৰকাশ কৰা নতুন এছঅ'পিয়ে আন্তঃজিলা যাতায়তৰ অনুমতি লাভ কৰিব বুলি বাছচালক সকল নিজৰ নিজৰ বাছলৈ আহিছিল।কিন্তু প্ৰকাশিত এছঅপিক লৈ নিৰাশা হলো। 

উল্লেখ্য যে বাছ-চালক সন্থা সংবাদ মেলত" লাইফ অফ এ ড্ৰাইভাৰ "ৰলেখক ৰূপম দত্ত উপস্থিত থাকে।

তেওঁ কয়- "মালিকক আমি টকা খুজিব নোৱাৰা হৈছো,এবাৰ আপোনালোকে আমাক চাওক।
আমাৰ ল’ৰা ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰা হৈছো,ঘৰলৈ উভতি যাব নোৱাৰা হৈছো"।

Your Comments