কৃষকৰ সমস্যা সমাধানৰ দাবীৰে বৃহস্পতিবাৰে এজেপিৰ ৰাজ্যজুৰি গণ-সত্যাগ্ৰহ

A

নিউজ ডেস্ক:

অসমৰ কৃষকৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয় পৰিষদৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা। বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি  এজেপিয়ে ৰূপায়ন কৰিব গণ- সত্যাগ্ৰহ।এই কথা সংবাদমেল যোগে ঘোষণা কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে।ৰাজ্যৰ জিলা সদৰত ক'ৰনা বিধি মানি সাব্যস্ত হ’ব প্ৰতিবাদ।প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কৃষকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব বুলি জানিব দিয়ে গগৈয়ে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়- ৰাজ্য চৰকাৰে কৃষকৰ সমস্যা সমাধান, কৃষি খণ্ডক অধিক গতিশীল কৰাৰ আশ্বাস পুৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।কৃষক বিৰোধী নীতি গ্ৰহণ কৰি কৃষকৰ সমস্যা অধিক বৃদ্ধি কৰা বুলি সভাপতি গৰাকীয়ে কয়।

এজেপিৰ দাবী কৃষকৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম তথা অন্য চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ পৰা ক্ৰয় কৰিব লাগে।ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত এলেকাত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰাৰ লগতে এই প্ৰক্ৰিয়াত পঞ্চায়তক জড়িত কৰিব লাগে।

খৰাঙৰ কবলত পৰা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ উপৰিও পানীৰ নাটনি দূৰ কৰাৰ বাবে ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী গণ-সত্যাগ্ৰহ ৰূপায়ন কৰিব ৰাজনৈতিক দল টোৱে।

এজেপিয়ে প্ৰকাশ কৰা অনুসৰি সোণোৱাল চৰকাৰে স্থাপন কৰা ৯৭টা চৰকাৰী ধান ক্ৰয় কেন্দ্ৰৰ অধিকাংশ বৰ্তমান বন্ধ হৈ আছে।মুকলি হৈ থকা কেন্দ্ৰসমূহে কৃষকৰ পৰা ধান ক্ৰয় কৰা নাই।

উল্লেখ্য যে এজেপিৰ আমবাৰী মুখ্য কাৰ্যালয়ত সম্বোধন কৰা বুধবাৰৰ সংবাদমেলত উপস্থিত থাকে দল প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, অমৃত খাটনিয়াৰ।

Your Comments