কিয় কংগ্ৰেছ ত্যাগ কৰিলে সুস্মিতা দেৱে! সংবাদমেলত ৰাজহুৱা কৰিলে , পঢ়ক

A

নিউজ ডেস্ক :

'মমতা বেনাৰ্জীৰ  দৰ্শন আৰু সাহসত অনুপ্ৰাণিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিলো'- এই মন্তৱ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ ।তৃণমূল কংগ্ৰেছত যোগদান কৰি বৰাকৰ শক্তিশালী কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে প্ৰথমবাৰ সংবাদমেল  সম্বোধন কৰি কয়- "আদর্শগত কোনো কম্প্ৰমাইজ কৰা নাই।তৃণমূল কংগ্ৰেছত যোগদানৰ কোনো চৰ্ত নাই।মমতা বেনাৰ্জীৰ সৈতে পিতৃ সন্তোষ দেৱৰ দিনৰ পৰা পাৰিবাৰিক সম্পৰ্ক আছে"।

উল্লেখ্য যে তৃণমূল কংগ্ৰেছ নেতা অভিষেক বেনাৰ্জীৰে যোগদানৰ পূৰ্বে ৪৫মিনিট যোৰা বৈঠক হয়।

'সৰ্বভাৰতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ আশীৰ্বাদ থাকিব বুলি আশা কৰিছোঁ।কংগ্ৰেছে বহুত দিছে।যদি মই দায়িত্ব পালন কৰিব পৰা নাই তাৰ বাবে ক্ষমাপ্ৰাৰ্থী'- সুস্মিতাই কয়।

আনহাতে কংগ্ৰেছ ত্যাগৰ সবিশেষ পদত্যাগ পত্ৰত উল্লেখ কৰা বুলি সুস্মিতাই কয়- ভাৰতীয় জাতীয় কংগ্ৰেছত নিৰাশ হোৱা হলো।

Your Comments