প্ৰসংগ উপ-নির্বাচন: এজেপি প্ৰতিনিধিৰ সাক্ষাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক

A

নিউজ ডেস্ক:

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলৰ।ৰাজ্যৰ উপ-নির্বাচন সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ এজেপি সজাতি দলৰ।বিজেপিক পৰাস্তৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতা প্ৰস্তাৱ এজেপিৰ।উপ-নির্বাচন হ’ব লগা ৫সমষ্টিত বিজেপি বিৰোধী শক্তি গঠনৰ প্ৰস্তাৱ প্ৰতিনিধি দলৰ।

এজেপি প্ৰতিনিধি কমল নাৰায়ণ চৌধুৰীয়ে বৈঠকৰ অন্তত কয়-' এজেপি মহাজোঁটৰ অংশীদাৰ নহয় ।কিন্তু বিজেপিক পৰাস্তৰ স্বাৰ্থত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ আহ্বান'।

আনহাতে, এজেপিৰ প্ৰস্তাৱ গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি ভূপনে বৰাই।

Your Comments