সুস্মিতা দেৱৰ দল ত্যাগে বৰাক কংগ্ৰেছক শক্তিশালী কৰিব- এই মন্তব্য কাছাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতিৰ

A

নিউজ ডেস্ক:


'কংগ্ৰেছৰ  প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগৰ বাবে  কংগ্ৰেছৰ লাভ হৈছে।বিজেপি এজেণ্ট হৈ  কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰিছিল'-এই মম্তৱ্য কাছাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতি আনছাৰ হুছেইন বৰলস্কৰৰ।

বৰলস্কৰৰ অভিযোগ সুস্মিতাই বৰাক কংগ্রেছত কোনো নেতা জন্ম হবলৈ দিয়া নাছিল।তেওঁৰ দলত্যাগে কাছাৰ কংগ্ৰেছক অধিক শক্তিশালী কৰি তুলিব।

"বৰাকত কংগ্ৰেছৰ ক্ষতিৰ মূলতে আছিল সুস্মিতা দেৱ"- প্ৰাক্তন উপ-সভাপতি গৰাকীয়ে কয়।

উল্লেখ্য যে  কংগ্ৰেছৰ শক্তিশালী মহিলা নেত্ৰী গৰাকীয়ে সোমবাৰে দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিছে।

Your Comments