সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ: তৃণমূল কংগ্ৰেছত দিব পাৰে যোগ!

A

নিউজ ডেস্ক:

অসম প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত।বৰাকৰ শক্তিশালী নেত্ৰী সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ ।
 কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আছিল সুস্মিতা দেৱ ৷লগতে তেওঁ বৰাক কংগ্ৰেছৰো অন্যতম বলিষ্ঠ নেত্ৰী আছিল ।

কংগ্ৰেছৰ বলিষ্ঠ নেত্ৰী গৰাকীৰ দল ত্যাগে কংগ্ৰেছক ক্ষতি কৰিব বুলি উল্লেখ কৰি সভাপতি ভূপেন বৰাই কয়-'চুড়ান্ত হতাশাগ্ৰস্ততাৰ বাবে দল ত্যাগ কৰিছে।নির্বাচনত পৰাজয় বৰণ কৰি মনোবল হেৰুৱাইছে সুস্মিতাই'।

'সুস্মিতাক বটবৃক্ষ বুলি  ভাবিছিলোঁ, সৰু বতাহত উৰি যাব বুলি ভবা নাছিলোঁ।কা' বিষয়ত কংগ্ৰেছ দল এৰিছে বুলি নাভাবোঁ'- বৰাই কয়।

তাপৰ্যপূৰ্ণ প্ৰাক্তন সাংসদ গৰাকীৰ দল ত্যাগ সন্দৰ্ভত কংগ্ৰেছ দলৰ শীর্ষ নেতৃত্বৰ অৱগত নহয় বুলিও বৰাই কয়।

আনহাতে, কংগ্ৰেছ ত্যাগ কৰি সুস্মিতাই ক’ত যোগদান কৰিব তাৰো কোনো ঘোষণা কৰা নাই যদিও খবৰ ওলাইছে তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে বৰাকৰ শক্তিশালী নেত্ৰী গৰাকীয়ে।

Your Comments