শৰাইঘাটত ভয়ংকৰ দুৰ্ঘটনা: বিবাহলৈ এমাহ থকা দৰা-কইনাৰ মৃত্যু

A

নিউজ ডেস্ক:


স্বাধীনতা দিৱসৰ দিনাই শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা।থিতাতে নিহত দুগৰাকী।দেওবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত নিহত হয় ক্ৰমে- ৰুমিজা বেগম(২৬) আৰু ফকৰুল ইছলাম(৩১)।

ঘটনাৰ বিৱৰণ মতে দেওবাৰে নিশা চিপাঝাৰৰ মাৰোৱাৰীচুকীৰ পৰা গুৱাহাটী বিমানবন্দৰ অভিমুখে আহি থকা এছ-০১বিএফ ০৩৮০ নম্বৰ চুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই শৰাইঘাটৰ ৰেলিঙত খুন্দিয়াই ৫০ফুট তলত পৰে।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাত পতিত বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ যায়।

উল্লেখ্য  যে চুইফট বাহনখনৰ দুই নিহত আৰোহীৰ অহা মাহত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল।

ইফালে সোমবাৰে মৃতদেহ দুটা জিএমচিএইচত মৰুণোত্তৰ পৰীক্ষা কৰা হয়।

Your Comments